ৰহাচকী ৰাইজৰ সৌজন্যত অহা কালিৰ পৰা তিনিদিনীয়া কাৰ্যসূচী ৰে মধ্য ৰহাচকী নামঘৰত  ৫ম বাৰ্ষিক শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ হব।

  অহাকালি পূবা ৬বজাত বন্তি প্ৰজ্বলন আৰু ধৰ্মধব্জা উওোলন কৰি তিনি দিনীয়া পাঠৰ শুভাৰম্ভ কৰাৰ লগতে ৭.৩০বজাত ৰহচকী ৰাইজৰ দ্বাৰা মহাভাগবত ভ্ৰমন,১০.৩০ বজাত নাম প্ৰসংগ, ভকত আদৰনি পৰ্ব অনুষ্ঠিত হব।

মধ্যাহ্ন ১২ বজাৰ পৰা মহাভাগবত পাঠৰ শুভাৰম্ভ।

   বিয়লী ১বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সন্ধ্যা ৬বজাত ৰহাচকী নামঘৰ আৰু গাঁবৰ প্ৰতি ঘৰৰ পদুলিত বন্তি প্ৰজ্বলন কৰা হব।

   দ্বিতীয় দিনা মহাভাগবত পাঠ অবিৰত চলি থাকিব।

    ৩য় দিন ২৬ মাৰ্চত দিনৰ ১০ বজাত মহাভাগবত পাঠৰ সামৰনি অনুষ্ঠান, ১১বজাত সামৰনি নাম প্ৰসংগ,প্ৰসাদ বিতৰন আৰু সমূহীয়া ভোজন।

বিয়লী ২বজাত ভকত বিদায় আৰু ৪ বজাত ধৰ্মধব্জা অবতৰন কৰি তিনি দিনীয়া কাৰ্যসূচী ৰ সমাপন কৰা হব।

       তিনি দিনীয়া কাৰ্যসূচী ত সমুহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা ৰ কামনা ৰহাচকী ৰাইজে কৰিছে।