থলুৱা শিপিনীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে আজি নাজিৰা নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত বহিৰাজ্যৰ পৰা অহা লগতে শক্তি চালিত তাঁতশালত (powerloom) উৎপাদিত গামোচা বিক্ৰীৰ ওপৰত বাধা আৰোপ কৰাৰ উদ্দেশ্যে এক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে।
সেই মৰ্মে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্তদ্বয় কল্যাণ জ্যোতি হাজৰিকা আৰু উপাসনা বৰাই হস্ততাঁত-বস্ত্ৰশিল্প বিভাগ আৰু আৰক্ষী বিভাগ সহযোগত নাজিৰা নগৰৰ বিভিন্ন সাজ-পাৰৰ দোকানত শক্তি চালিত তাঁতশালত তৈয়াৰী গামোচাৰ বিৰুদ্ধে অভিযান চলায় ।
 
  
  
  
  
   
   
  