গোলাঘাটত সমবায়ৰ উদ্যোগত বিকাশ প্রশিক্ষন কাৰ্যসূচী।

গোলাঘাটঃ ১৯ মার্চঃ গোলাঘাট জিলা সমবায় সংঘৰ উদ্যোগত, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সমবায় শিক্ষা প্রতিষ্ঠান, আৰু

অসম ৰাজ্যিক সমবায় সংঘৰ পূৰ্ণ সহায় সহযোগিতাত সমবায়ৰ নেতৃত্ব বিকাশ প্রশিক্ষণ তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ১৫

মাৰ্চৰ পৰা ১৭ মাৰ্চলৈকে গোলাঘাট পাইকাৰী গ্রাহক সমবায় সমিতিৰ সভা কক্ষত অনুষ্ঠিত কৰা হয়। ৰাজ্যিক সমবায় সংঘৰ উপ সভাপতি তথা জিলা সমবায় সংঘৰ সভাপতি প্রদীপ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে গোলাঘাট পৌৰসভাৰ সভানেত্রী দুলুমনি বৰবৰাই আৰু অনুষ্ঠানৰ আঁত ধৰে জিলা সমবায় সংঘৰ সাধাৰণ সম্পাদক তিলেশ্বৰ তামূলীয়ে। গোলাঘাট জিলাৰ বিভিন্ন মহিলা সমবায়

সমিতিৰ ৩৫ গৰাকী সভানেত্ৰী আৰু সম্পাদিকাই নেতৃত্ব বিকাশ প্রশিক্ষণ কার্যসূচীত যোগদান কৰে। ইয়াৰে গুৱাহাটীস্থ সমবায় পৰিচালন প্রতিষ্ঠান (Institute of Corperative Managment) প্ৰৱক্তা ড০ প্ৰণৱ বৈশ্য, যোৰহাট জিলা সমবায় সমিতি সমূহৰ জিলা উপ- পঞ্জীয়ক বিকাশ শৰ্মা আৰু সমবায় পৰিদৰ্শক 

অলকেশ চক্ৰৱৰ্ত্তীয়ে সমল ব্যক্তি ৰূপে যোগদান কৰে। প্ৰশিক্ষণত মহিলা সমবায় সমিতিসমূহৰ বিষয় ববীয়া সকলৰ লগতে উপস্থিত সমল ব্যক্তি সকলে সমবায়ৰ জৰিয়তে মহিলা সৱলীকৰণ, স্বাৱলম্বিতা, স্থানীয় উৎপাদিত সামগ্ৰীৰে বিভিন্ন

ব্যৱসায় কৰা, আর্থ-সামাজিক দিশত উন্নতি সাধন কৰা আদিৰ বিষয়ে আলোকপাত কৰি বক্তৃতা প্ৰদান কৰে।

প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণী দিনা জিলা সমবায় সংঘৰ সভাপতি প্রদীপ গোস্বামী আৰু সাধাৰণ

সম্পাদক তিলেশ্বৰ তামূলীৰ নেতৃত্বত সমবায়ৰ প্ৰশিক্ষার্থী দলটোক যোৰহাটস্থ “কনকলতা মহিলা আৰবান কো-পাৰেটিভ বেংক” প্ৰটিষ্ঠানলৈ অধ্যয়নৰ উদ্দেশ্যে লৈ যোৱা হয়। প্রশিক্ষার্থী দলটিৰ লগত সমবায় বেংকটোৰ

অধ্যক্ষ শকুন্তলা দেৱী, পৰিচালন সঞ্চালক পদ্মশ্রী লখিমী বৰুৱা, প্ৰফেছনেল ডাইৰেক্টৰদ্বয় প্ৰমোদ চন্দ্ৰ

পাঠক আৰু শ্ৰী হৰেন্দ্ৰ নাথ গোস্বামী আৰু অন্য বিষয়াসকলে মত বিনিময় কৰি মহিলা সমবায় বেংকটোৰ প্ৰতিষ্ঠা

কালৰ পৰা বৰ্ত্তমানলৈকে ইয়াৰ সামগ্ৰীক উন্নয়ন, ব্যৱসায়িক লাভ, ইয়াৰ সম্প্ৰসাৰণ, অংশীদাৰৰ সংখ্যা আৰু

মহিলা সৱলীকৰণত ইয়াৰ শক্তিশালী ভূমিকাৰ বিষয়ে বিস্তৃত ভাৱে বক্তব্য আগবঢ়ায়।