ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাতো আজি নিক্ষয় মিত্ৰ প্ৰকল্পৰ অধীনত যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয় ৷ এই উপলক্ষে আজি জিলাখনৰ মুছলপুৰস্থিত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে জিলা প্ৰশাসনে ৬৭ গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে। এই খাদ্য বিতৰণ কাৰ্যসূচীত অংশ লৈ বাক্সা জিলা উপায়ুক্ত মাচণ্ডা মাগডালিন পাৰ্টিনে যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুৰোধ মৰ্মে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে সকলোৱে যাতে সচেতনতা বজাই ৰাখি যক্ষ্মা ৰোগৰ সৈতে যুঁজ দিয়ে । আনহাতে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙেও কাৰ্যসূচীত অংশ লৈ ৰোগী সকলক সজাগ হ'বলৈ আহ্বান জনায়। আজিৰ এই খাদ্য বিতৰণ কাৰ্যসূচীত জিলাখনৰ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যক্ষ্মা ৰোগীসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ টোপোলা যোগান ধৰে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশত যক্ষ্মা ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ সংকল্প লৈছে । এই সংকল্পকে সৰোগত কৰি বিগত দিনসমূহত নিক্ষয় মিত্ৰ প্ৰকল্পৰ অধীনত যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসাৰ বাবে অতিৰিক্ত সহযোগিতা আগবঢ়াই অহা হৈছে । প্ৰকল্পটোৰ জৰিয়তে যক্ষ্মা ৰোগ সন্দৰ্ভত জনসচেতনতাৰ প্ৰয়াস কৰা হয় ৷ সেই উদ্দেশ্যে আগত ৰাখিয়েই আজি এখন সজাগতা সভাও আয়োজন কৰা হয় । অতিৰিক্ত উপায়ুক্ত নিজৰা বড়োই আঁত ধৰা আজিৰ এই অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্তদ্বয় বন্তি তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা, সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়া সকলে, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মনোজ দাস, ডাঃ মধুৰাম বড়ো, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ বাক্সা জিলা প্ৰকল্প বিষয়া ধ্ৰুৱজোতি শইকীয়া, মুছলপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কাৰ্তিক দাসৰ লগতে এন টি ই পিৰ সকলো কৰ্মী উপস্থিত থাকে !
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Biporjoy Cyclone: ‘महातूफान’ का ‘महाअलर्ट’ | Gujarat | Mumbai | Rashtra Ki Awaz With #sarfarazsaifi
Biporjoy Cyclone: ‘महातूफान’ का ‘महाअलर्ट’ | Gujarat | Mumbai | Rashtra...
સાબરમતી રિવરફ્રન્ટ પર એર-શો યોજાશે
#buletinindia #gujarat #ahmedabad
Telangana Election 2023: विधानसभा चुनाव के बीच Rahul Gandhi और Asaduddin Owaisi में जुबानी जंग
Telangana Election 2023: विधानसभा चुनाव के बीच Rahul Gandhi और Asaduddin Owaisi में जुबानी जंग
વલસાડ સીટી પોલીસ મથકે ફરજ બજાવતી મહિલા કોન્ટેબલે તિથલ દરિયામાં જંપલાવી આપઘાત કર્યો
વલસાડ સીટી પોલીસ મથકે ફરજ બજાવતી મહિલા કોન્ટેબલે તિથલ દરિયામાં જંપલાવી આપઘાત કર્યો