চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ধাৰাবাহিকভাৱে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ডিমৌতো আজি আটাছুৱে পুত্তলিকা দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ পিছত অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল আৰু আজি পুনৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল বুলি ওলোৱা খবৰত সংগঠনৰ বিষয়-ববীয়াৰ লগৱে ছাত্ৰ-ছাত্ৰী সকল ক্ষোভিত হৈ পৰে। ডিমৌৰ ৰাজপথত আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেন চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰে। "ৰণোজ পেগু হায় হায়", "অসম চৰকাৰ হায় হায়", "ছেবা গ' বেক", "ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা নচলিব" আদি বিভিন্ন শ্ল' গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি ডিমৌৰ আকাশ-বতাহ কঁপাই তোলে।