অসম চাহ মজদুৰ সংঘ মৰাণ শাখা শিৱসাগৰ জিলাৰ থাওৰা সমষ্টি ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত থাওৰা বাগিচা ইউনিটৰ কাৰ্য্যকৰী সমিতিৰ সভা শাখা সংঘৰ সভাপতি- মনোজ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত কমিটি খনিৰ তিনি বছৰীয়া কাৰ্য্যকালৰ প্ৰতিবেদন আৰু হিচাৱ- পত্ৰ সমূহ কমিটিৰ সম্পাদক- চামুৱেল তাঁতীয়ে পাঠ কৰি সুন্দৰ ভাৱে দাখিল কৰে। উপস্থিত ৰাইজে প্ৰতিবেদন আৰু হিচাৱ-পত্ৰ সমূহ গ্ৰহণ কৰি হাত চাপৰিৰে সমৰ্থন জনোৱাৰ লগতে পৰবৰ্তী কালত নতুন কমিটি গঠন কৰিবলৈ অহা ইং ২৬-০৩-২০২৩ তাৰিখে কমিটিৰ সভাপতি আৰু সম্পাদক পদত দুইটিৰ প্ৰাৰ্থীক ভোট দান প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰিবলৈ মতামত আগবঢ়াই সিদ্ধান্ত গ্ৰহণ কৰে।

  সভাখনিত কেন্দ্ৰীয় সংঘৰ কোষাধ্যক্ষ তথা মৰাণ শাখাৰ জ্যেষ্ঠ সম্পাদক- লক্ষেশ্বৰ তাঁতী আৰু শাখাৰ সহ: সম্পাদক- প্ৰমোদ সিং তাঁতীয়ে উপস্থিত থাকি অসম চাহ মজদুৰ সংঘক সাংগঠনিক দিশত অধিক শক্তিশালী ও মজবুত কৰি ৰখাৰ ক্ষেত্ৰত আৰু নতুন কমিটি গঠনৰ ওপৰত বহল ভাবে গঠনমূলক পৰামৰ্শ আগবঢ়ায়।