৬০'সাহিত্য সভাৰ বিষয়ববীয়াসকল সেৱক হ'ব লাগে,নেতা নহয়'-ড° বসন্ত কুমাৰ গোস্বামী গোলাঘাট,১২ মাৰ্চঃ "সাহিত্য সভাৰ বিষয়ববীয়াসকল প্ৰকৃতাৰ্থত সেৱক হ'ব লাগে, বিষয়ববীয়া নহয়। সভাৰ সেৱকসকলে নিকা ৰূপ কেইটকাৰ লগতহে থাকিব লাগে ।চেকা থকা একোকে নালাগে । লোভ থাকিলে হ্ৰীহীন হোৱাটোৱেই স্বাভাৱিক । কাৰণ হ্ৰী নাথাকিলে সমস্ত সমাজ ব্যৱস্থাটোৱেই হতশ্ৰী হ'ব । গতিকে সাহিত্য সভাই প্ৰতিকীৰ পতাকা উত্তোলন কৰি বিধ্বস্তপ্ৰায় সমাজকো উত্তৰণৰ পথ দেখুৱাব লাগিব । আজি অনুষ্ঠিত হোৱা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান আৰু পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক,ভাষাতত্ববিদ,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে এনেদৰে মন্তব্য কৰে ।‌ শাখাৰ ২০২৩-২৫ বৰ্ষ কাৰ্যকালৰ প্ৰায় ৬০ জনীয়া সমিতিৰ বিষয়ববীয়া, সদস্যসকলক শপত বাক্য পাঠ কৰোৱাই মুখ্য অতিথি ড° গোস্বামীয়ে কয় যে, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই সমগ্ৰ গোলাঘাট জিলাখনকে প্ৰতিনিধিত্ব কৰা যেন লাগিছে । এই শাখাখনে ভাবিকালৰ সাধকসকলক অৰ্থাৎ উঠি অহা প্ৰজন্মক অসমীয়া ভাষা,সাহিত্য-সংস্কৃতিৰ সেৱা কৰিবলৈ বাট এটা চোঙাই থৈ যাব বুলি গভীৰ আশাবাদী । আজিৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা অসমৰ ৰাইজলৈ এটা বাৰ্তা যোৱা উচিত ,সেইটো হৈছে জীৱিকা আৰু জীৱন ।জীৱিকাৰ মাজতে আৱদ্ধ নহৈ আমাৰ ভাবিকালৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে জীৱনটো উপভোগ কৰিব পাৰে ,তাৰ বাবে সাহিত্য সভাই সামগ্ৰীকভাৱে সুস্থ আৰু স্বাস্থ্যসন্মত পৰিৱেশ সৃষ্টি কৰিব পাৰিলেই সাহিত্য সভা আৰু সাহিত্যৰ জগতখনে সাৰ্থকতা লাভ কৰিব । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি,সাংবাদিক পেঞ্চনাৰ দ্বীপেন দত্তৰ পৌৰাহিত্যত শাখাৰ সম্পাদক স্বাগতা বৰাই আঁত ধৰা অনুষ্ঠানত শাখাটোত মহিলাসকলৰ বিপুল অংশগ্ৰহণ শুভ লক্ষণ বুলি উল্লেখ কৰি য'ত নাৰীয়ে পূজা পায়,তাত দেৱতাসকলো ৰংমনে থাকে বুলি মন্তব্য কৰে । শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিদায়ী সভাপতি পুতুল গগৈয়ে । অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বৰবৰা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক,জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা,জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,বিশিষ্ট লেখক পুৰঞ্জয় গোস্বামী, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,বিশিষ্ট সাহিত্যিক দিলীপ কুমাৰ শৰ্মা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল, বিশিষ্ট ঔপন্যাসিক অপৰাজিতা বৰুৱা, গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা চিনাতলী শাখা সাহিত্য সভাৰ সম্পাদক অনন্ত শইকীয়া,শাখাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি ভোগেশ্বৰী চাংমাই আদিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।‌ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত হোৱা স্বাগত অনুষ্ঠানত শাখাৰ নতুন সমিতিৰ বিষয়ববীয়া,সদস্যসকলক বিপুল আদৰণি জনোৱা হয় । শপত গ্ৰহণ অনুষ্ঠানৰ পাচত অনুষ্ঠিত হোৱা শাখাৰ কাৰ্যনিৰ্বাহক সভাত শাখাৰ বিদায়ী সম্পাদক দীপ হেষ্টি্ছ বৰিয়ে দায়িত্বভাৰ প্ৰদান কৰে । পুৱা পতাকা উত্তোলন কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দ্বীপেন দত্তই। স্মৃতি তৰ্পণ কৰে শাখাৰ বিদায়ী সম্পাদক দীপ হেষ্টিংছ বৰি আৰু নৱ-নিৰ্বাচিত সম্পাদক স্বাগতা বৰাই ।