আজি বিজেপি ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ তৃতীয়খন কাৰ্য্যনিৰ্বাহক সভা খোৱাং মণ্ডল বিজেপিৰ কাৰ্য্যালয়ত" জিলা সভানেত্রী মামুন গগৈ মিত্রাৰ সভাপতিত্বত অনুষ্ঠিত হয় । সফল মহিলাসকলক সুষমা স্বৰাজ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল'লে বিজেপিঅসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী দীপিকা কাকতি দুৱৰী আৰু বিধায়ক চক্ৰধৰ গগৈয়ে. সভাৰ লগত সংগতি ৰাখি সাংস্কৃতিক ,শৈক্ষিক,ক্ৰীড়াৰ লগত জড়িত হৈ নিজকে প্ৰতিষ্ঠা কৰা কেইবাগৰাকীও মহিলাক তেখেতসকলৰ কৰ্মৰাজীৰ বাবে সকলো নাৰী জাতিৰ বাবে আদৰ্শ একেধাৰে উকীল ,সফল ৰাজনীতিবিদ ,প্ৰাক্তন মন্ত্রী , প্ৰাক্তন মূখ্যমন্ত্রী , সফল বৈদেশিক পৰিক্ৰমা মন্ত্রী মহিয়সী নাৰী প্ৰয়াত সুষমা স্বৰাজৰ স্মৃতিত "সুষমা স্বৰাজ বঁটা " প্ৰদান কৰা হয় ।
১) শ্ৰীযুতা স্বপ্নালী গগৈ
জিলা কৃতি শিক্ষয়িত্ৰী
মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়।
২) শ্ৰীযুতা কৰবী ভক্তা
ৰাজ্যিক ক্ৰীকেট আৰু ফুটবল খেলুৱৈ।
৩) ৰুমী ভূঞা
বিশিষ্ট লেখিকা
চাবুৱা।
৪) শৰ্মিলা কুমাৰ সাহ
বিশিষ্ট কবি
লাহোৱাল।
৫) জয়শ্ৰী গগৈ
বিশিষ্ট খেলুৱৈ
তৰাতলী, নামৰূপ
৬) স্বপ্নালী গগৈ
মৰাণ
৭) লক্ষী সোণোৱাল ৰাজখোৱা
বিশিষ্ট খেলুৱৈ
চাবুৱা