ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে গোলাঘাট জিলাৰ বোকাখাতত আজি এক শোকাবহ ঘটনা সংঘটিত হয়। ফাকুৱা খেলি নদীত গাধুনলৈ গৈ এজন ১২ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটাত অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

বোকাখাতৰ ১ নং বহিখোৱা গাঁৱৰ বাসিন্দা তথা ধনশিৰি মুখ এল পি স্কুলৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ জনে সমনীয়াৰ লগত ফাকুৱা খেলি ধনশিৰি নদীত গা-ধুই থকাৰ অৱস্থাতে নদীৰ সোঁতত ডুব যায়।

 মৃত কিশোৰ গৰাকীৰ নাম নবীন চন্দ্ৰ দলে। স্থানীয় লোকৰ সহযোগত নদীৰ পৰা ছাত্ৰ গৰাকীক উদ্ধাৰ কৰি বোকাখাত ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।