আজি আন্তঃৰ্জাতিক নাৰী দিৱস। এই নাৰী দিৱসৰ দিনটোত নাৰী সকলক নিজৰ কৰ্মৰে উজলিবলৈ আহ্বান জনাইছে হস্ত তাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিওৱা পদ্মশ্ৰী বঁটাপ্ৰাপক শিপিনী তথা উদ্যমী নাৰী হেমপ্ৰভা চুতীয়াই । তেওঁ কয়, "নাৰী দিৱসৰ প্ৰাসংগিকতা তেতিয়াই থাকিব যেতিয়া এগৰাকী নাৰীয়ে নিজৰ প্ৰতিভা কোনো ধৰণৰ বাধা নথকাকৈ বিকশিত কৰিব পাৰিব ।" উল্লেখযোগ্য যে হেমপ্ৰভা চুতীয়াই নিজৰ সাহস আৰু কৰ্মৰে তাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছিল । এই গৰাকী উদ্যমী নাৰীয়ে নাৰীসকলক আগবাঢ়ি যাবলৈ আজি নাৰী দিৱসৰ এই পবিত্ৰ দিনটোত আহ্বান জনাইছে ।
নাৰীয়ে নিজৰ কৰ্মৰে পৰিচয় দাঙি ধৰিবলৈ আহ্বান পদ্মশ্ৰী বঁটাপ্ৰাপক শিপিনী তথা উদ্যমী নাৰী হেমপ্ৰভা চুতীয়াৰ
