*আগৰণুৱা -২ ৰ বাবে লেখা আহ্বান* *গোলাঘাট : ৮ মাৰ্চ* স্বেচ্ছাসেৱী সংগঠন "পায়নিয়াৰ ফাউণ্ডেচন"ৰ উদ্যোগত প্ৰকাশ পাবলগা স্মৰণিকা "আগৰণুৱা-২" ( pioneer-2) বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লেখকৰ পৰা লিখনি আহ্বান কৰা হৈছে ৷ এই উদ্দেশ্যে সংগঠনটোৱে গ্ৰহণকৰা এক সিদ্ধান্ত মৰ্মে বিকাশ শৰ্মাক মুখ্য সম্পাদক, জাগৃতি শইকীয়া আৰু জয়ন্ত গগৈক সহ সম্পাদক হিচাপে লৈ স্মৰণিকা খন প্ৰকাশৰ যো জা চলোৱা হৈছে ৷ ইচ্ছূক লেখক লেখিকাই সাহিত্য ; সংস্কৃতি ; কৃষি ; স্বাস্থ্য ; নাৰিবাদী ; শিশু উপযোগী ; আদি বিষয়ক লিখা প্ৰৱন্ধক / নিবন্ধ ; আদি প্ৰেৰণ কৰিব পাৰিব ৷ নৱপ্ৰজন্মক উৎসাহৰ বাবে ছাত্ৰছাত্ৰীৰ গল্প ; প্ৰৱন্ধ ; সাধু আদি শিশু উপযোগী লেখনি প্ৰকাশ কৰা হ’ব ৷ মৌলিক লিখনিক অগ্ৰাধিকাৰ দিয়াৰ লগতে কোনো লেখকৰ লেখাৰ আলমলৈ লিখিলে বা অনুবাদ কৰিলে উল্লেখ কৰিব লাগিব ৷ উপযুক্ত বিবেচিত হোৱা লিখনি প্ৰকাশৰ লগতে লেখা প্ৰেৰণ কৰা সকলক তথা ৰাইজক উন্মোচনৰ দিন বিভিন্ন মাধ্যমেৰে জ্ঞাত কৰা হ’ব ৷লিখনি সমূহ অসমীয়াত শুদ্ধকৈ ডি টি পি কৰি লেখকৰ এখন পাচপোৰ্ট ফটো সহ 9435053726,9101331065 অথবা 7002556589 নম্বৰত হোৱাটচপ যোগে অহা ২০ মাৰ্চৰ ভিতৰত নিজৰ নাম ঠিকনা ফোননং সহ প্ৰেৰণ কৰিব পাৰিব ৷ বুলি সংগঠনটোৰ সভাপতি প্ৰকাশ শৰ্মাই জানিবলৈ দি কয় যে ইতিপূৰ্বে ২০১৭ চনৰ ২৮ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত ৯ দিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা কৃষি বাণিজ্য মেলাত দৈনিক অসমৰ সম্পাদক প্ৰয়াত ৰাধিকা মোহণ ভাগৱতীৰ নামত উৎসৰ্গা কৰি “আগৰণুৱা ” Pioneer) নামেৰে প্ৰথমখন স্মৰণিকা প্ৰকাশ কৰি ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল ৷ এইবাৰো সংগঠটোৱে পূৰ্বৰ দৰে ৰাইজৰ সমাদৰ লাভকৰা এখন স্মৰণিকা পঢ়ুৱৈ সমাজলৈ আগবঢ়াবলৈ প্ৰচেষ্টা চলাইছে