আজাদী কি অমৃত মহোৎসৱ’’উপলক্ষে আজি দলগাও ৰাজহ চক্ৰ কাৰ্য্যালয়ত এক বৃক্ষৰোপণ কাৰ্য্যসূচীত অংশ গ্ৰহন কৰে বিধায়ক মাজিবুৰ রহমান , দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা ডাঙৰীয়া ,আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় ডাঙৰীয়া , চক্ৰ বিষয়া সমীৰ চৌধুৰী দেৱ আৰু অন্যান্য বিষয়া কৰ্মচাৰী সকল।

কার্যসূচীত ভাষণ প্ৰসঙ্গত বিধায়ক রহমান কয যে ইমান দিনে কেৱল চৰকাৰী কাৰ্যালয়তে জাতীয় পতাকা উত্তোলন পৰ্ব সীমিত আছিল যদিও এইবেলী চৰকাৰে হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰে প্ৰত্যেক ঘৰতে ত্ৰিৰঙ্গা উৰুৱাবলৈ লোৱা সিদ্ধান্তই প্ৰতিটো পৰিয়ালেই স্বাধীনতা দিৱসৰ দৰে তাৎপৰ্য পূৰ্ণ দিৱসত জড়িত হব আৰু নিজৰ দেশৰ জাতীয় পতাকা, স্বাধীনতা দিৱসৰ তাৎপৰ্য, আদি সম্বন্ধীয় ইতিহাস সম্পৰ্কে অধিক জানিৱ। আৰু চৰকাৰৰ এনে পদক্ষেপত দেশৰ প্ৰত্যেক জনতাৰ স্বদেশ প্ৰেম বৃদ্ধি পাব