ধেমাজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদত ন্যাৰ্য্য প্ৰাপ্তিৰ দাবীত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ
আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়ন ধেমাজি শাখাৰ উদ্যোগত অস্থায়ী কৰ্মচাৰীৰ ১২ ঘণ্টীয়া কৰ্ম বিৰতি পালন ।
ধেমাজি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় সন্মুখত আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়ন ধেমাজি শাখাৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১ দফীয়া দাবীকলৈ ১২ ঘন্টীয়া কৰ্ম বিৰতি পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ বিষয়টো গুৰুত্বসহকাৰে লৈ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক, অসম চৰকাৰে ঘোষণা কৰা শক্তি খণ্ডৰ ৫ হাজাৰ খালি পদত অস্থায়ী কৰ্মচাৰীৰ অগ্ৰাধিকাৰ দিয়া ব্যৱস্থা কৰক, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সহ-কাম, সহ-মজুৰীৰ ব্যৱস্থা কৰক আদি দাবীৰে উত্তাল কৰি তোলে ধেমাজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদত।
আজি এই প্ৰতিবাদৰ পিছতো চৰকাৰ তথা শক্তি মন্ত্ৰীয়ে যদি বিষয়টো গুৰুত্ব আৰোপ নকৰে তেন্তে অহা ২০ মাৰ্চ তাৰিখে পুনৰ ২৪ ঘন্টীয়া কলম আৰু সজুঁলি বৰ্জন প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।