ৰহা মহিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু ৰহা পতঞ্জলি যোগ সমিতিৰ সহযোগত অহা ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন ৰ প্ৰস্তুতি চলাই থকা হৈছে।

         নাৰী দিৱস ৰ উপলক্ষে ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ ত পুৱা ৫ বজাত ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগ ত কেইবা বছৰৰ পৰা চলি থকা বিনামূলীয়া যোগ শিবিৰৰ পাছত ৬ বজাত নাৰী দিৱস ৰ কাৰ্য্যসূচী আৰম্ভ হব।

         উদ্যোগতা সকলে জানিব দিয়া মতে নাৰী দিৱস ৰ উপলক্ষে ৰহা অঞ্চলৰ ৫ গৰাকী বিশিষ্টা মহিলাক সম্বৰ্ধনা জনোৱা হব।উদ্যোগতা সমিতিয়ে সকলোৰে উপস্থিতি আৰু সহায় সহযোগীতা ৰ কামনা কৰিছে।