পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ দ্বাৰা ছোৱালীসকলক ক্ৰীড়াক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন তথা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে অসমৰ ৫,১০৬ খন নিৰ্বাচিত বিদ্যালয়ত "গভৰ্নছ গাৰ্লছ ভলীবল মিছন" ২০২০-২১ -ৰ অধীনত ভলীবল গ্ৰাউণ্ড উন্নীত কৰাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰে ইতিমধ্যে ৪,৬৪৯ খন নিৰ্বাচিত বিদ্যালয়ত ভলীবল গ্ৰাউণ্ড উন্নীতকৰণৰ কাম সম্পূৰ্ণ হৈছে আৰু ৩৯৩ খন বিদ্যালয়ত এই গ্ৰাউণ্ড উন্নীতকৰণৰ কাম প্ৰায় শেষ পৰ্যায়ত আছে।

এই অভিযানৰ অধীনত গোলাঘাট জিলাৰ গোলাঘাট পূব উন্নয়ন খণ্ডৰ জুলা পথাৰ নৱ উদিত মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সকলৰ বাবে আয়োজিত ভলীবল খেলৰ তিনিমহীয়া প্ৰশিক্ষণ onusthito কৰা হয়।