ভাৰত ত্যাগ আন্দোলনৰ আশী সংখ্যক দিৱসটি এইবাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগিতাত অহা ৯ আগষ্ট তাৰিখে শিৱসাগৰ নগৰৰ যুৱ দ'লত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ উদযাপন কৰা হ'ব।

এই সন্দৰ্ভত শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি আজি বিশদ কাৰ্যসূচী সদৰী কৰে।

সেইদিনা পুৱা ৫ বজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু দিনৰ ১১ বজাত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থনৰ মুকলি সভা মুক্তিযুঁজাৰু কৃষ্ণকান্ত লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হ'ব।সাংসদ তপন গগৈ,মন্ত্ৰী যোগেন মহন,ৰনোজ পেগু, বিধায়ক অখিল গগৈ আদি উপস্থিত থাকিবলগীয়া এই স্মৃতি সমাৰোহত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিৱ দেৱ প্ৰসাদ মিশ্ৰ,যুটীয়া গৃহ আৰু ৰাজনৈতিক সচিৱ অনিমেষ তালুকদাৰ আৰু অখিল ভাৰতীয় মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰধান সম্পাদক নিত্যানন্দ শৰ্মাই নিৰ্দিষ্ট বক্তৃৰূপে উপস্থিত থাকিব বুলি আজিৰ সংবাদ মেলত সদৰী কৰে।মুক্তিযুঁজাৰু সন্মিলনৰ হৈ সহকাৰী সাধাৰণ সম্পাদক যোগেন বৰগোঁহাই,কাৰ্যবাহী সদস্য গৌতম বৰগোঁহাই,কাৰ্যবাহী সদস্য ভুৱন চন্দ্ৰ গগৈ আৰু যুটীয়া সম্পাদক সুশীল বৰুৱাই আজিৰ সংবাদ মেল সম্বোধন কৰে।

উল্লেখযোগ্য যে অসমৰ সৰহ সংখ্যক মুক্তিযুঁজাৰুৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু অৱশিষ্ট সকলৰ আগন্তুক কিছুবছৰৰ পাছত মৃত্যু হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মুক্তিযুঁজাৰু পৰিয়াল বৰ্গই সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে "অসম ৰাজ্যিক মুক্তিযুঁজাৰু উত্তৰাধিকাৰী সন্মিলন" নামৰ এক অনুষ্ঠান গঠন কৰি মুক্তি যুঁজাৰু সকলৰ স্ব অধিকাৰ জীয়াই ৰখাৰ চেষ্টা কৰিব বুলিও আজিৰ সংবাদ মেলত সদৰী কৰে।