নুমলীগড়ত ধৰ্ষণকাৰী গ্ৰেপ্তাৰ : গোলাঘাট :২৬ ফেব্ৰুৱাৰী - নুমলীগড়ৰ ২ নং বালিজানৰ দলবদ্ধ ধৰ্ষণ কাণ্ড ৰ মাষ্টাৰমাইণ্ড ৰফিকুল ৰহমান আৰক্ষীৰ জালত পৰিল । যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখে ২ নং পুৰাজংঘলৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী বালিজান অঞ্চলত হোৱা থিয়েটাৰত চাবলৈ যাওঁতে চাৰিজন যুৱকে দলবদ্ধ ভাবে ধৰ্ষণ কৰিছিল । সৌৰভ গোহাঁই, চন্দেশ্বৰ দাস, জাহিদুল হুছেইন ক যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে আটক কৰি তিনিজনক ইতিপূৰ্বে আৰক্ষীয়ে জেললৈ পেৰণ কৰিছে ৷ আনএটা ধৰ্ষণকাৰী ৰফিকুল ৰহমান পলাতক অৱস্থাত আছিল । যোৱা নিশা আৰক্ষীয়ে ফলঙনী অঞ্চলৰ পৰা খেদি খেদি আটক কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ৰফিকুল ৰহমানক ইতিমধ্যে আদালতলৈ প্ৰেৰণ কৰিছে। ::