গোলাঘাটত ট্ৰাক চুৰ কৰা অপচেষ্টা চোৰৰ। চুৰি কৰা ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই নিশা সোমাল গৈ লোকৰ ঘৰৰ পদুলিত। দুৰ্ঘটনাত পতিত চুৰি ট্ৰাক এৰি পলায়ন চোৰৰ।আৰক্ষীৰ চকুতো দিলে চোৰে দিলে ধুলি। CC TV কেমেৰাত বন্দী ট্ৰাক চুৰিৰ সমগ্ৰ দৃশ্য। নিশা গোলাঘাট বেঙেনাখোৱাৰ এটা পাৰ্কিংত আছিল AS-09-AC-5951 নম্বৰৰ এই ট্ৰাকখন। নিশা প্ৰায় ১ মান বজাৰ পিছত দুটা চোৰৰ গতিবিধি। প্ৰথমে পৰিবেশ আৰু পৰিস্হিতি বুজ লৈ কৌশলৰে পাৰ্কিংৰ পৰা ট্ৰাকখন এইদৰে লৈ গৈছে চোৰে।

আৰু তীব্ৰ বেগত চুৰি কৰা ট্ৰাক নি তৰফাটৰ এঘৰত জেৰুৱা ভাঙি দুৰ্ঘটনাত পতিত হয়। নিশাই সেই স্হানত আৰক্ষী উপস্হিত হৈ এটা চোৰ সহ থানালৈ লৈ যায় যদিও পুৱাহে আৰক্ষী অৱগত ট্ৰাকখন আছিল চুৰিৰ। গতিকে আৰক্ষীক চকুত ধূলি দি কৌশলৰে পলায়ন চোৰ।পুৱা ট্ৰাকৰ মালিকে ট্ৰাক চুৰি গোচৰ দিবলৈ যাওতে হে পোহৰলৈ আহিল ট্ৰাক চুৰিৰ সমগ্ৰ ঘটনা। এতিয়া এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। সঘনাই গোলাঘাট নগৰকে ধৰি বিভিন্ন প্ৰান্তত চুৰি ঘটনা সংঘটিত হৈ আছে যদিও চুৰি ঘটনা ৰোধ কৰাত চুড়ান্ত ব্যৰ্থ হৈছে গোলাঘাট আৰক্ষী। আৰক্ষীক অপেন চেলেন্জ চোৰৰ। সাত সাবটি বহি আছে গোলাঘাট আৰক্ষী।