'ভইছ অৱ ঝংকাৰ-২০২২'ৰ ষষ্ঠ স্থানত লাকুৱাৰ দীক্ষা শইকীয়া

 বেচৰকাৰী সংস্থা 'আস্থা ফাউণ্ডেশ্বন গুৱাহাটী'ৰ উদ্যোগত বিগত বৰ্ষত সম্পন্ন হোৱা 'ভইছ অৱ ঝংকাৰ-২০২২' শীৰ্ষক এক ৰিয়েলিটি শ্ব' তথা সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ষষ্ঠ স্থান অধিকাৰ কৰি লাকুৱাৰ দীক্ষা শইকীয়াই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ বিভিন্ন স্থানৰ দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ গুৱাহাটীত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে লাকুৱা লেনপুৰিয়া গাঁৱৰ অশোক শইকীয়া আৰু নমিতা বড়া শইকীয়াৰ কন্যা তথা শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰিৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীক্ষা শইকীয়াই এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক ঝুমুৰ পালৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰি থকা বিশাৰদ দ্বিতীয় বৰ্ষৰ ছাত্ৰী দীক্ষা শইকীয়াৰ এই সাফল্যত অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে।