সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুনৰ খিতাপ দখলেৰে নিজৰ পাৰদৰ্শিতাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে হেলেমৰ কণমানি আদ্ৰিকা আয়ুষী বৰা(৬)ই।গুৱাহাটীৰ Inspire Gropup য়ে যোৱা ১৭ জুলাইত গুৱাহাটীৰ ৰুক্মিণী নগৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা Pinnacle Award-2022 অনুষ্ঠানত অংশগ্ৰহণ কৰি Best Kids Model Of The Year(2022) সন্মান লাভ কৰি বৃহত্তৰ হেলেম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে আদ্ৰিকা আয়ুষী বৰাই।আদ্ৰিকা আয়ুষী বৰা গহপুৰ মহকুমাৰ অন্তৰ্গত মেকলিয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ হেলেম চাহ বাগিচা নিবাসী সৌৰভ বৰা আৰু দিম্পী বৰাৰ জীয়ৰী।তেওঁ গহপুৰ নগৰৰ জ্ঞান ভাৰতী ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ ক্লাছ ওৱানৰ ছাত্ৰী।ইয়াৰ পূৰ্বে তেওঁ North East Kids Winner-2019, Winner (Print Model) Of Spark Kids Miss North East India-2021 আৰু International Globe Winner-2022 খিতাপ অৰ্জন কৰি নিজৰ পাৰদৰ্শিতা ফুটাই তুলিবলৈ সক্ষম হয়।তেওঁৰ এই পাৰদৰ্শিতাৰ বাবে অহা অক্টোবৰ মাহত ডুবাই আৰু নেপালত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেছনেল ইউনিভাৰ্চ কিডছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।