সোণাৰিত অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তী উদযাপন

১৯৪৭ চনত গঠিত হোৱা অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তী বর্ষ আজি সংঘৰ সোণাৰি শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখা কাৰ্যালয়ৰ প্ৰাঙ্গনত এই উপলক্ষে আয়োজিত কাৰ্যসূচী অনুসৰি পুৱা সংঘৰ পতাকা উত্তোলন কৰে শাখা সংঘৰ সভাপতি ৰবীন বড়া আৰু ট্ৰেড ইউনিয়নৰ পতাকা উত্তোলন কৰে সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ধৈৰ্য প্ৰসাদ বৰগোহাঞিয়ে। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰে শাখা সংঘৰ প্ৰাক্তন সহকাৰী সম্পাদক বিমল কোঁৱৰে। দুপৰীয়া অনুষ্ঠিত হোৱা বৃক্ষ ৰোপণ কাৰ্যসূচীত সাংবাদিক মৃত্যুঞ্জয় দাস আৰু সংঘৰ প্ৰাক্তন বিষয়ববীয়া অনিল বড়ায়। দুপৰীয়া শাখা সংঘৰ সভাপতি ৰবীন বড়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত আই এন টি ইউ চিৰ অসম শাখাৰ সাধাৰণ সম্পাদক পূৰ্ণানন্দ বুঢ়াগোহাঁই, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নৱজ্যোতি ভূঞা প্ৰমুখ্যে ভালে সংখ্যাক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ভাষণ দিয়ে। সভাত স্থানীয় শিল্পী সকলে সমবেত সংগীত পৰিৱেশন কৰে। শাখা সংঘৰ সাধাৰণ সম্পাদক ধৈৰ্য প্ৰসাদ বৰগোহাঞ আৰু সহকাৰী সম্পাদক গিৰিষ মহালিয়ে আঁত ধৰা সভা খনত হীৰক জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতা বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়।