গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যোৱা ১ আগষ্টৰ পৰা হাস্পতালখনৰ পৰা এগৰাকী ৰোগী সন্ধানহীন হৈ থকা ঘটনাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

দিলীপ দাস নামৰ ৬৫ বছৰীয়া লোকজনৰ এতিয়াও সন্ধান লাভ কৰা নাই। তেওঁৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটি কৈৱৰ্ত্ত গাঁৱৰ।

লোকজনে হাস্পতালৰ পৰা ওলাই যোৱা দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছে।

আনহাতে পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি হাস্পতাল কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ লগতে ইয়াৰ কোনো দায়িত্ব লোৱা নাই।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভাঙাগড় থানাত গোচৰ ৰুজু হৈছে।