ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী। 

ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী ১১,১২,১৩ আৰু ১৪ জানুৱাৰীত চাৰিদিনীয়া বৰ্নাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে।সোনালী জয়ন্তীৰ প্ৰথম দিনৰ প্ৰথম কাৰ্য্যসুচী হিচাপে বিদ্যালয়ৰ মুল তোৰণ উন্মোচন কৰে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ সুযোগ্য সন্তান তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা দেৱে।তাৰপিচত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক মুনিন দাসে।ইয়াৰ পিচতে সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি ৫০ খন পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে ওদালগুৰিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বসুমতাৰী প্ৰমুখ্যে প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলে।ইয়াৰ পিচতে বৃহদাকাৰৰ শৰাই উন্মোচন কৰে প্ৰাক্তন প্ৰধান শিক্ষক কিশোৰী মোহন দাসে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰে।উক্ত সকলো কাৰ্য্যসুচীতে ন-পুৰনি ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।