গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন। গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ প্ৰথম ভাগত ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, কৰ, পৰিবহণ, ভূমি সংৰক্ষণ, বন, মীন, পশুচিকিৎসা, পৰ্যটন, নগৰ আৰু গাঁও পৰিকল্পনা, জলসম্পদ, শিক্ষা, শ্ৰমিক কল্যাণ আদি বিভাগৰ লগতে কেইবাখনো বৰ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয় । বৈঠকত উপায়ুক্তগৰাকীয়ে সমবায়, দুগ্ধ উন্নয়ন, পৌৰ প্ৰশাসন, খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড, হাউচিং বর্ড, নগৰীয়া পানী আৰু পয় প্ৰণালী বৰ্ড, অসম গেছ কোম্পানী আৰু নাবাৰ্ডৰ অধীনৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে । তেওঁ প্ৰতিটো বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনি ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । বৈঠকৰ দ্বিতীয় ভাগত উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) লোকনিৰ্মাণ (গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, অসম শক্তি বিতৰণ কোম্পানী আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ বিভাগসমূহক পথ, দলং, খহনীয়া প্ৰতিৰোধী প্ৰকল্প আদিৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰু নিৰ্মাণৰত আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में झमाझम बारिश, मौसम हुआ सुहाना, गर्मी से मिली राहत
कोटा में लगातार दिनभर भीषण गर्मी के बाद देर शाम को अचानक झमाझम बारिश हुई जिसके चलते लोगों को भीषण...
आप अपने पैसे को दुगुना कैसे कर सकते है
अपने पैसे को दुगुना करने के कई तरीके हैं, जिनमें से कुछ निम्नलिखित हैं:
1. निवेश:
...
बच्चे को लातों से पीटा, बच्चे को पीटने का सीसीटीवी वीडियो सोशल मीडिया पर वायरल
बच्चे को लातों से पीटा, बच्चे को पीटने का सीसीटीवी वीडियो सोशल मीडिया पर वायरल
Bollywood star Saif Ali Khan inaugurates 2 new 'Kalyan Jewellers’ showrooms in Bengaluru
Bengaluru, 13th September 2024: Kalyan Jewellers, one of India’s largest and most-trusted...
Karnataka election: JDS' Kumaraswamy open to BJP, Cong deal. What are his terms?
“I am still confident of winning 50 seats. This time, I will go with the party that agrees...