ঢকুৱাখনাৰ জামুগুৰিত গেজেৰা দলেৰ বংশাৱলী অভিৱৰ্তন উদযাপনৰ ব্যাপক প্ৰস্তুতি।

*ঐনিতম-গুমৰাগেৰে মুখৰিত নুৱাচিং দলে লত্তা*

ঢকুৱাখনা মহকুমাৰ অন্তগত পাপুং জামুগুৰিত নুৱাচিং দলে লত্তা নামেৰে নামকৰণ কৰি মিচিং জনগোষ্ঠীৰ দলে গোত্ৰৰ অন্যতম শাখা নুৱাচিং দলে তথা গেজেৰা দলেৰ বংশধৰ প্ৰথম অভিবৰ্তনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন প্ৰান্তত বসবাস কৰি থকা আৰু দেশৰ অন্য ঠাইত কৰ্মসূত্ৰে সিঁচৰিত হৈ থকা নুৱাচিং দলে তথা গেজেৰা দলেৰ লোকসকলক একত্ৰিত আৰু শিপা ধৰি ৰখাৰ উদ্দেশ্যে ১২ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এই অভিৱৰ্তনখনি।

 এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই অভিৱৰ্তনৰ বাবে গেজেৰা দলে অপৃন কেবাঙৰ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে।

ইফালে ঐনিতম-গুমৰাগেৰে মুখৰিত হৈ পৰিছে নুৱাচিং দলে লত্তাত।তাকাম গেজেৰা দলে অপৃন’ৰ হৈ জীৱকান্ত দলে,পূৰণ দলে,গোপাল চন্দ্ৰ দলে,দীনেশ দলে,পদ্মকান্ত দলে,পূৰ্ণকান্ত দলে,হৰেন্দ্ৰনাথ দলে,পুস্পধৰ দলে,বিজয় দলে,মোহন দলেয়ে প্ৰিয় বংশধৰ সকলক সক্ৰিয় ভাৱে সহায় সহযোগীতা কামনা কৰিছে৷