ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ নিচুকণি গীত প্ৰতিযোগিতাত ড০ ৰঘুনাথ কাগয়ুংৰ কৃতিত্ব

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী মীনাক্ষী লেখীৰ পৰা বঁটা গ্ৰহণ 

ভাৰত চৰকাৰৰ Ministry of Culture - এ ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণতা উপলক্ষে অৰ্থাৎ Azadi ka Amrit mahotsav উপলক্ষে তিনিটা স্তৰ (ৰাষ্ট্ৰীয়, প্ৰাদেশিক আৰু জিলা)ত Lori Writing Competition ( নিচুকণি গীত লিখা প্ৰতিযোগিতা) অনুষ্ঠিত কৰিছিল। "Unity In Creativity" অৰ্থাৎ "সৃজনীশীলতাৰ মাজত একতা"ৰ লগতে ভাৰতবৰ্ষৰ স্বাধীনতাৰ শৌৰ্য-বীৰ্যৰ ভাৱ প্ৰকাশেই আছিল নিচুকণি গীতৰ মূল বিষয়বস্তু। প্ৰতিযোগিতাত বিশিষ্ট কবি, সাহিত্যিক, গৱেষক তথা সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক ড০ ৰঘুনাথ কাগয়ুং-এ অসম ভিত্তিত তৃতীয় স্থান লাভ কৰাৰ লগতে চৰাইদেউ জিলা ভিত্তিতো প্ৰথম স্থান লাভ কৰে। গত ৫ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ চাণক্যপুৰীৰ নেহৰু পাৰ্কত সমগ্ৰ ভাৰতৰ বিজয়ীসকলক এক দিনজোৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰে ভাৰত চৰকাৰৰ মাননীয় সাংস্কৃতিক মন্ত্ৰী মীনাক্ষী লেখী আৰু ভাৰতৰ ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে। সাংস্কৃতিক মন্ত্ৰী মীনাক্ষী লেখীৰ পৰা ড০ ৰঘুনাথ কাগয়ুং-এ বঁটা গ্ৰহণ কৰে। বঁটাত আছে এটা স্মাৰক, এটা প্ৰমাণ পত্ৰ আৰু পঞ্চাছ হাজাৰ টকা। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সঞ্চালক , সচিব আৰু আজাদী কা অমৃত মহোৎসৱৰ বিশেষ দায়িত্ববাহী বিষয়া ৰাজীৱ কুমাৰ, সতীশ চন্দ্ৰ, উচ্চ পদস্থ সাংস্কৃতিক বিষয়াবৰ্গৰ তথা ভাৰতৰ আটাইবোৰ প্ৰদেশৰ বঁটা বিজয়ীসকল। উল্লেখযোগ্য যে নিচুকণি গীত প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ ছয় লক্ষাধিক অধ্যাপক, শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা লেখক-লেখিকাই অংশগ্ৰহণ কৰিছিল আৰু ৩৪৯ গৰাকী বিশিষ্ট সাহিত্যিক-গীতিকাৰে বিচাৰকৰ দায়িত্ব পালন কৰিছিল বুলি সাংস্কৃতিক মন্ত্ৰণালয়ে সভাত ঘোষণা কৰিছিল।