গোলাঘাটত গঁড়ৰ মুকলি বিচৰণঃ 

পদুমনি-দেৰগাঁও অঞ্চলত প্ৰশাসনৰ নিষেধাজ্ঞা। গোলাঘাট জিলাৰ পদুমনি-দেৰগাঁও অঞ্চলত এটা গঁড়ৰ মুকলি বিচৰণ সন্দৰ্ভত গোলাঘাটৰ মাণ্ডলিক বন বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তথা অঞ্চলটোত হোৱা জন সমাগমৰ পৰিপ্ৰেক্ষিতত বন বিভাগে গঁড়টো আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু জনসাধাৰণৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকি আৰু সুৰক্ষাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি পদুমনি-দেৰগাঁও অঞ্চল আৰু বন বিভাগে অভিযান চলাই থকা এলেকাসমূহত তিনিজনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে সন্ধিয়া ৫.৩০ বজাৰ পৰা পুৱা ৫.৩০ বজালৈ অঞ্চলটোত মানুহৰ চলা-ফুৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হৈছে । গঁড়টো বনাঞ্চললৈ আঁতৰি নোযোৱালৈকে এই নিৰ্দেশ বাহাল থাকিব ।