ৰহাত ৫ ফেব্ৰুৱাৰী ৰ পৰা দুদিনীয়া কাৰ্য্য সূচীৰে বিশ্বমহাবীৰ চিলাৰায় দিৱস অনুষ্ঠিত হব।
সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, নগাঁও জিলা ৰ উদ্যােগত আৰু ৰহা আঞ্চলিক সমিতি ৰ সহযোগ ত অনুষ্ঠিত হব লগা দুদিনীয়া ৫১৩তম্ চিলাৰায় দিৱস ৰ উদযাপন ৰ প্ৰস্তুতি কৰি থকা হৈছে।
ৰহা পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুল স্থিত ড° ভূপেন হাজৰিকা মঞ্চ ত অনুষ্ঠিত হব লগা দুদিনীয়া কাৰ্য্যসূচীৰ বিষয়ে নগাঁও জিলা সমিতিৰ সভাপতি শিৱ নাৰায়ণ বৰা,সম্পাদক মন্টু কুমাৰ ডেকা আৰু ৰহা আঞ্চলিক সমিতি ৰ সভাপতি দিপুমনি বৰা,যুটীয়া সম্পাদক জগদীশ ডেকা,পলাশ ডেকাই জনোৱা মতে ৫ ফেব্ৰুৱাৰী ত পুবা ৮ বজাত আক্ৰাছু নগাঁও জিলা সমিতিৰ উপ সভাপতি পংকজ বৰা দ্বাৰা স্ব জনগোষ্ঠীয় পতাকা উওোলন কৰি দিৱস ৰ শুভাৰম্ভ কৰাৰ লগতে ৮.৩০ বজাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ পতাকা উওোলন কৰিব আক্ৰাছু নগাঁও জিলা সমিতিৰ সভাপতি শিৱ নাৰায়ণ বৰা।
৯.৩০ বজাত বন্তি প্ৰজ্বলন কৰিব ৰহা আঞ্চলিক সমিতিৰ সভাপতি দিপুমনি বৰা। ১০বজাত বিশ্ব মহাবীৰ চিলাৰায় ৰ প্ৰতিমূৰ্তি ত মালা অৰ্পন কৰিব নগাঁও জিলা আক্ৰাছুৰ মুখ্য উপদেষ্টা সুভাষ ডেকা।১০.৩০বজাত শ্বহীদ তৰ্পন কৰিব ৰহা আঞ্চলিক আক্ৰাছুৰ বিও সম্পাদক মুকুট ডেকা।
দিৱস ৰ দ্বিতীয় দিনা ৬ ফেব্ৰুৱাৰী ৰ পুবা ১০ বজাত লোক ক্ৰিষ্টি প্ৰদৰ্শন।১ বজাৰ পৰা নগাঁও জিলা আক্ৰাছুৰ সভাপতি শিৱ নাৰায়ণ বৰা ৰ সভাপতিত্ব ত অনুষ্ঠিত হব লগা মুকলি সভাৰ আদৰনি ভাষন প্ৰদান কৰিব সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰাতুল কুমাৰ ৰাজবংশী।মুকলী সভাত নিদিষ্ট বক্তা ৰূপে চামগুৰি মহাবিদ্যালয় ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা।বিশিষ্ট বক্তা ৰূপে উপস্থিত থাকিব আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু তিবা স্বায়ত্ব পৰিষদ মৰিগাঁও ৰ সদস্য অজিত কুমাৰ ডেকা। সভাত মুখ্য অতিথি ৰূপে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহ উপস্থিত থাকিব।আমন্ৰিত অতিথি ৰুপে নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দ'লে,নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, নগাঁও চক্ৰ পৰিদৰ্শক অসীম বৰা,ৰহা চক্ৰ বিষয়া ড° সুনাশ্ৰী ব্ৰক্ষ্ম,আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পাৰ্থ জ্যোতি বৰা,কপিলদেব সিংহ, তিবা স্বায়ত্ব পৰিষদ ৰ কাৰ্য্যবাহী সদস্য সৰুজ কোঁৱৰ, আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নব জ্যোতি কোচ,শোণিতপুৰ জিলা আক্ৰাছু সমিতিৰ সভাপতি বিক্ৰম দাস,মৰিগাঁও জিলা আক্ৰাছুৰ সভাপতি ধনতি ডেকা,সম্পাদক পৰেশ ডেকা,বিশিষ্ট লেখিকা বকুল ৰয়,শিবসাগৰ জিলা আক্ৰাছু সমিতিৰ ৰ সম্পাদক শংকৰ দত্ত, সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সম্পাদক মৃদুল হাজৰিকা,ৰহা আঞ্চলিক জাতীয়তবাদী যুব ছাত্ৰ পৰিষদ ৰ উপদেষ্টা মহেন্দ্ৰ কলিতা,সম্পাদক নিলোৎপল হাজৰিকা, সদৌ অসম তিবা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,মাছ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সচিব লক্ষীপ্ৰসাদ ডেকা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,উদীয়মান ব্যবসায়ী উৎপল বনিয়া,যুব সমাজসেৱক উদ্দিপ্ত নাৰায়ন ৰাজা,যুব
সমাজসেৱক অনুপ লস্কৰ আৰু নগাঁও উপায়ুক্ত কাৰ্যালয় ৰ জ্যেষ্ট সহায়ক বিপুল বৰা উপস্থিত থাকিব।
বিয়লী ৪ পৰা "গীতৰে বিয়লী বেলা"শীৰ্ষক সংগীতানুষ্ঠানত আমন্ত্ৰিত শিল্পী ৰূপে বন্দিতা বৰুৱা, প্ৰাপ্তি এইচ বৰুৱা, প্ৰশান্ত ৰুদ্ৰাক্ষ, দূৰ দিগন্ত আৰু পিনাৰাগ উপস্থিত থাকি গীত পৰিবেশন কৰিব।