মাতমৰাত কেন্দ্ৰীয় আলি আঃয়ে লৃগাং

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ " আলি আঃয়ে লৃগাং" অহা ১৫,১৮ আৰু ১৯ ফেব্ৰুৱাৰীত মাতমৰা স্হিত সাংস্কৃতিক সংগ্ৰাহালয় প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ “আলি আঃয়ে লৃগাং” উৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে এইবাৰ “ মাতমৰা ৰেঙণি”২০২৩ নামৰ স্মৃতিগ্ৰন্থখন প্ৰকাশৰ দিহা কৰিছে৷ ঘনকান্ত দলেৰ সম্পাদনাত এইবাৰ প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখনৰ বাবে অহা ৬ ফেব্ৰুৱাৰীৰ আগত পোৱাকৈ মিচিংসকলৰ লগতে মাতমৰা অঞ্চলৰ ঐতিহ্য,পৰম্পৰা,ইতিহাস আৰু লোক সংস্কৃতিৰ বিভিন্ন দিশ সামৰি লেখা আহ্বান কৰা হৈছে৷ লেখাসমূহ ডাকযোগে ঘনকান্ত দলে,সম্পাদক মাতমৰা ৰেঙণি-২০২৩,কেন্দ্ৰীয় আলি আঃয়ে লৃগাং,মাতমৰা৷মাৰফৎ:- ভাস্কৰ কমাৰচিয়েল,মালয়েছিয়া,দৈনিক বজাৰ,চাৰিআলি,মাতমৰা-৭৮৭০৫৫৷ঠিকনাত অথবা doleyghanakt@gmail.com যোগেদি প্ৰেৰণ কৰিব পাৰিব৷অধিক তথ্যৰ বাবে 8822035162 নম্বৰত যোগাযোগ কৰিব পাৰিব৷