*অসম সাহিত্য সভাৰ ঢকুৱাখনা শাখাৰ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন*
দেশে স্বাধীনতা লাভৰ পূৰ্বেই ১৯২০ চনতে গঠিত শতবৰ্ষ গৰকি যোৱা অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাৰূপে স্বীকৃতি লাভ কৰা ঢকুৱাখনা শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনা নৰ্মাল স্কুলত সম্পন্ন হৈ যায়।
কাৰ্যসূচী অনুসৰি পূৱা ৯ বজাত পতাকা উত্তোলন,
৯.৩০ বজাত স্মৃতি তৰ্পণৰ পিছতে সাংবাদিক ৰাজীৱ বৰুৱাৰ পৰিচালনাৰে স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজিত হ'য়।
ইফালে দিনৰ ১১ বজাৰ পৰা নাট্যকৰ্মী নন্দ চুতীয়াৰ সঞ্চালনাত আজীৱন সভ্যৰ সন্মিলন অনুষ্ঠিত হ'য়।অসম সাহিত্য সভাৰ ঢকুৱাখনা শাখাৰ সভাপতি বিদ্যা দত্তৰ সভাপতিত্বত দুপৰীয়া-১২.৩০ বজাৰ পৰা মুকলি সভা আৰম্ভ হ'য়।
লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অৰিন্দম বৰুৱাই উদ্বোধন কৰা এই মুকলি সভাত মুখ্য অতিথিৰূপে বিশিষ্ট সাহিত্যিক সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড০ মানিক শইকীয়া,বিশিষ্ট অতিথিৰূপে লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক নৱ কমল বৰা,আৰু উপ সভাপতি-
সঞ্জীৱ উপধ্যায়ে অংশগ্ৰহণ কৰে।
এই মুকলি সভাতেই অসম সাহিত্য সভাৰ আজীৱন সভ্য,শিক্ষাবিদ ক্ষীৰোদ গগৈৰ সোঁৱৰণত প্ৰকাশ পোৱা ঢকুৱাখনা শাখা সাহিত্য সভাৰ মুখপত্ৰ-"খোজ" উন্মোচন কৰে বিশিষ্ট লেখক,তথা ঢকুৱাখনা মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ অতুল চন্দ্ৰ খাউণ্ডে।