কমনৱেল্থ গেমছৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমা দাসে

কমনৱেল্থ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে। দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে হিমাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় যদিও মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।