শিৱসাগৰ জিলাৰ অন্তৰ্গত হাফলুটিং ন-পাম সন্মিলিত যুৱসমাজৰ উদ্যোগত আৰু সমূহ ন-পাম গাঁওবাসী ৰাইজৰ সহয়োগত সপ্তদশ সংখ্যক শিল্পী দিৱস আৰু টিফুক মহোৎসৱ অতি সুন্দৰ ভাৱে ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান উদযাপন হৈ যায়।উক্ত অনুষ্ঠানৰ প্ৰথম দিনাৰ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ড০ ৰিমঝিম বৰাই। উক্ত অনুষ্ঠানটোত অধ্যাপনাৰ লগতে সুদীৰ্ঘ দিন সমাজ আৰু সংস্কৃতিসেৱী তথা স্বদেশ আৰু স্বজাতিক হৃদয় উজাৰি ভালপোৱা লোকসংস্কৃতিৰ এজন সাধক তথা কবি, বিশিষ্ট নিৱন্ধকাৰ, পাঠ্যপুথিৰ লিখক,গৱেষক 

ড০ বিদ্যানন্দ বৰকাকতীক "লোক -সংস্কতিৰ প্ৰাজ্ঞ" বটাৰে ভূষিত কৰা হয়। বৰ্তমান নাজিৰাৰ নিবাসী তথা প্ৰায় পঞ্চাশ খনৰো অধিক গ্ৰন্থৰ লিখক গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ বৰকাকতী শিৱসাগৰ জিলাৰ অন্তৰ্গত চাৰিঙ গজপুৰীয়া কাকতী গাওঁৰ প্ৰয়াত চন্দ্ৰকান্ত বৰকাকতী আৰু তৰা বৰকাকতীৰ জেষ্ঠ পুত্ৰ।