ভেলাঘৰত কপৌ চৰাইৰ বাঁহঃবিঘ্নিত হ'ল ভোগালী বিহুৰ পৰম্পৰা

দুটি কপৌ চৰাইৰ বাবেই এখন গাঁৱত বিঘ্নিত হ'ল ভোগালী বিহুৰ পৰম্পৰা।বিহুত ভোজ-ভাত খাবৰ বাবে এটা ভেলাঘৰ সাজিছিল ছিপাঝাৰৰ বৰদৌলগুৰি (ককাইতোলা) বাসীয়ে।পিছে উৰুকাৰ পূৰ্বেই ভেলাঘৰত বাহ সাজিলে এহাল কপৌ চৰায়ে।আনকি কণীও পাৰিলে কপৌ হালে।যাৰ বাবে কপৌহালৰ স্বাৰ্থতে গাওঁখনৰ ৰাইজে ভেলাঘৰটো জ্বলাই দিয়াৰ পৰা বিৰত থাকি সংৰক্ষণ কৰিলে । ৰাইজে সিদ্ধান্ত কৰিছে চৰাই হালে নিৰাপদে পোৱালী নজগোৱা পৰ্যন্ত ভেলাঘৰটোও প্ৰজ্বলন নকৰে।গাওঁখনৰ ৰাইজে দেখুৱালে প্ৰকৃতি প্ৰেমৰ এক অনন্য নিদৰ্শন।