ৰাজ্যজুৰি পৰিবহন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ পথ দুৰ্ঘটনা ৰোধ কৰা আৰু ৰাইজক সজাগ কৰাৰ বাবে সোমবাৰৰ পৰা চৰাইদেউ জিলাৰ সোণাৰিত আৰম্ভ কৰা হয় পথ সুৰক্ষা সপ্তাহ ৷সোণাৰিত পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি বাহনৰ চালক-পৰিচালকসকলৰ মাজত সজাগতা পত্ৰ বিতৰণ।

চৰাইদেউ জিলা সোণাৰি মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুলৰ স্বতাধিকাৰী দীপ কুৰ্মীৰ আয়োজিত আৰু পৰিবহন বিষয়াৰ উদ্যোগত আৰু জিলাবাসীৰ সহযোগত ধোদৰ আলিৰ সন্মুখত সোমবাৰে পুৱা পথ সুৰক্ষা সপ্তাহ উপলক্ষে অনুষ্ঠিত কৰা হয় এখন সভা ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ যান বাহন আৰক্ষী বিষয়া মইনুল ইছলামৰ উপস্থিত থকা সভাখন আঁত ধৰে জিলা পৰিবহন বিষয়া দীপ জ্যোতি নেওগে ৷

উল্লেখ্য, এক সমীক্ষা অনুসৰি সমগ্ৰ দেশতে পথ দুৰ্ঘটনাৰ ফলত প্ৰতিঘণ্টাত মৃত্যু হয় ১৭ জনকৈ লোকৰ । এই দুৰ্ঘটনা ৰোধ কৰাৰ তথা ইয়াৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ । পথ সুৰক্ষা সপ্তাহৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি পথ সুৰক্ষা পত্ৰিকা বিতৰণৰে অনুষ্ঠিত হয় এখন বিশেষ সভা । পথ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত Good Summery নামেৰে এখন স্কীমৰ জৰিয়তে দূৰ্ঘটনাত পতিত লোকক সহায়ক হিচাপে এই আঁচনিৰ ৰূপায়ন কৰা হৈছে।