ঢকুৱাখনাৰ কাংকানচাপৰিত সদৌ গামবুঢ়া পেগু বংশৰ লাইখুঁটা স্থাপন
ঐনিঃতম গুমৰাগেৰে মুখৰিত প্ৰিয়ৰাম পেগু লত্তা
ঢকুৱাখনা মহকুমাৰ পূৱ প্ৰান্তত অৱস্থিত কাৰপুম পুলি হাইস্কুলৰ খেলপথাৰত সদৌ গামবুঢ়া পেগু বংশৰ প্ৰথম কেন্দ্ৰীয় অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয় এক বৰ্ণিল পৰিবেশৰ মাংগলিক কাৰ্যসূচীৰ মাজেদি৷উল্লেখ যে অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি নিজস্ব কৃষ্টি সংস্কৃতি ৰক্ষা কৰি বসবাস কৰি অহা জনগোষ্ঠীৰ অন্যতম ফৈদ গামবুঢ়া পেগু বংশৰ লোক সকলৰ মাজত সম্প্ৰীতি সদভাৱ আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ উমৈহতীয়া সংগঠন সদৌ গামবুঢ়া পেগু বংশৰ প্ৰথম অধিবেশনখনি অহা ইং ৮ আৰু ৯ এপ্ৰিলত ঢকুৱাখনা মাতমৰা অঞ্চলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব৷ইয়াৰ বাবে গামবুঢ়া পেগু বংশৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰায় ৪০ লাখ টকাৰ বাজেটেৰে৷এই প্ৰস্তুতিৰ অংশ হিচাপেই আজি গামবুঢ়া পেগু বংশৰ কেন্দ্ৰীয় সমিতিৰ লগতে আঞ্চলিক সমিতিকে আদি কৰি পেগু বংশৰ বহু বিশিষ্ট গন্য মান্য লোকৰ উপস্থিতিত শ শ ডেকা গাভৰুৰ গীত নৃত্যৰ লহৰৰ মাজেৰে আৰু মিবুৰ জয়ধ্বনিৰে প্ৰিয়ৰাম পেগু ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা অধিবেশনস্থলীত লাইখুঁটা স্থাপন কৰা হয় কেন্দ্ৰীয় সমিতিৰ সভাপতি যজ্ঞেশ্বৰ পেগু ৷অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি বৰ্গৰ উপস্থিতিত উদুলি মুদুলি হৈ পৰে কাংকান চাপৰি অঞ্চল৷