লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত অঘটন
চৰাইদেউৰ মাইবেলাত অঘটন।মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত কৰ্মৰত শ্ৰমিকৰ মৃত্যু। তাপ বিদ্যুৎ প্ৰকল্প টোত কৰ্মৰত অৱস্থাত মৃত্যু ৰাজীৱ নেৱাৰৰ। West Heat recovery project ত কৰ্মৰত অৱস্থাত টাৱাৰৰ পৰা তললৈ পৰি গুৰুত্বৰ ভাৱে আহত হৈছিল ৰাজীৱ নেৱাৰ। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যু ঘটে শ্ৰমিক জনক।নিহত ৰাজীৱ নেৱাৰৰ ঘৰ সোণাৰিৰ চফ্ৰাইত। সুৰক্ষা সামগ্ৰী অবিহনে শ্ৰমিকক কৰ্মত নিয়োজিত কৰোৱাৰ অভিযোগ।