ঘিলামৰাত নীতি বৰ্হিভূত ভাৱে শিক্ষক বদলি কৰাক লৈ অব্যাহত আছে প্ৰতিবাদ 

 বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ বৰগোহাঁইৰ আকস্মিক বদলিক লৈ বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক গোট, অভিভাৱক তথা স্থানীয় ৰাইজৰ মাজত অব্যাহত আছে প্ৰতিবাদ ।

 বৰ্তমান মুঠ আঠ শ উনত্ৰিছ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহন কৰি থকা ৰাজ্যৰ আগশাৰীৰ এই খন বিদ্যালয়ৰ পৰা এজন শিক্ষকক সম্পূৰ্ণ নীতি বৰ্হিভূত ভাৱে বদলি কৰাৰ ফলত যোৱা প্ৰায় এসপ্তাহ ধৰি বিদ্যালয় খনত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ।

 ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পূৰ্বৰে পৰা শিক্ষকৰ অভাৱে দেখা দি থকা বিদ্যালয় খনৰ পৰা চৰকাৰী গুনোৎসৱৰ প্ৰাক মুহূৰ্তত এনেদৰে আকস্মিক ভাৱে এজন শিক্ষকক বদলি কৰাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

অভিযোগ অনুসৰি জনৈক পূৰ্বালী তালুকদাৰ নামৰ চিৰিং গঢ়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিৰাপত্তা জনিত কাৰণ দেখুৱাই নিজ গৃহ স্থানৰ অন্য এখন বিদ্যালয়লৈ বদলি হৈ যোৱাৰ বিপৰীতে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা এনেদৰে নীতি বৰ্হিভূত ভাৱে এজন শিক্ষকক লৈ যোৱা কাৰ্যত স্বাভাবিকতে ক্ষোভিত হৈ পৰিছে বিদ্যালয় শিক্ষক গোট, পৰিচালনা সমিতি, অভিভাৱক তথা স্থানীয় ৰাইজ ।

 ঘটনা সম্পৰ্কত ইতিমধ্যে বৰদলনি প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ জড়িয়তে জিলা উপায়ুক্তকে ধৰি বিভাগীয় উচ্চ পদস্থ বিষয়ালৈ আবেদন নিবেদন জনোৱা হৈছিল যদিও বৰ্তমানলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অভিযোগকাৰীয়ে ।

এতিয়া প্ৰশ্ন উঠিছে শিক্ষক বদলি কৰণ প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ সময়ত এই গৰাকী পূৰ্বালী তালুকদাৰে কাৰ অনুগ্ৰহত এনেদৰে বদলি কৰণৰ সুবিধা লাভ কৰিব পাৰিলে ৷