নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ পৰামৰ্শ অনুসৰি নাহৰকটীয়া মণ্ডল বিজেপিৰ উদ্যোগত "স্বনিৰ্ভৰ নাৰী" আচনিৰ অনলাইন পঞ্জীয়নৰ সৰ্ন্দভত প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰা হয়। এশৰো অধিক শিপিনীৰ উপস্থিতিত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ কেইবাজনো বিষয়ববীয়া এই প্ৰশিক্ষণ প্ৰদান কৰে।