ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যান দিৱস উৎযাপন ।
জিলা প্ৰশাসনৰ কৰ্মচাৰী পল্লৱী তামুলী কোঁৱৰক লোক সেৱা বঁট
ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধেমাজি জিলাতো আজি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক মৃত্যু তিথিতো লোক-কল্যান দিৱস হিচাপে উৎযাপন কৰে ।
ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অসম চৰকাৰৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত দিনৰ ১১ বজাৰ পৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য্যই। উপায়ুক্ত গৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে পুষ্পাঞ্জলী অৰ্পন কৰি আদৰনী ভাষন আগবঢ়াই। জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক দেৱে গোপীনাথ বৰদলৈ দেৱৰ বিষয়ে বহুমূলীয়া বক্তব্য ডাঙি ধৰে। আমন্ত্রিত অতিথিৰ ভাষনত ধেমাজি জিলাৰ বিশিষ্ট্য সাহিত্যিক তথা জিলাৰ সাহিত্য সভাৰ সভানেত্রী বিনীতা গাৰোদিয়াই গোপীনাথ বৰদলৈৰ আদৰ্শ আধুনীক অসমৰ স্বপ্নদ্রষ্টা, কর্মনিষ্ঠা, কর্ম নিপুনতা আৰু দূৰদৰ্শি ৰাজনৈতিক পটুতাৰ বুলি বহুমূলীয়া বক্তব্যত ডাঙি ধৰে। তাৰ পাছতেই বিশিষ্টা সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়া দেৱে গোপীনাথ বৰদলৈ দেৱৰ আদৰ্শ, কৰ্মস্পৃহা আদিৰ ওপৰত ভাষন দিয়ে। লগতে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধক্ষ্য মহেন্দ্ৰ কোঁৱৰে বহুমূলীয়া ভাষন আগবঢ়াই। তেওঁ চমু ভাষনত মহান ব্যক্তিগৰাকীৰ প্রাসংগিকতা সম্পৰ্কত আলোকপাত কৰি মহান শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোৱঁৰে। লগতে জিলা প্ৰশাসনৰ কৰ্মচাৰী পল্লৱী তামুলী কোঁৱৰক লোক সেৱা বঁটা জিলা প্ৰশাসনে প্ৰদান কৰে। এই লোক কল্যান দিৱসত জিলাখনৰ বহুকেইজন গণ্য-মান্য ব্যক্তি প্রশাসনিক বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী, তথা সংবাদ মাধ্যমৰ বন্ধুসকল লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উপস্থিতিত লোক কল্যান দিৱসতি পালন কৰে