নৃত্য পৰিচালিকা তথা সংগীত নাটক অকাদেমী বঁটাৰে বিভূষিতা গৰিমা হাজৰিকাৰ মৃত্যুৱে সকলোৱে মৰ্মাহত কৰাৰ লগতে বোকাখাতৰ বিধায়ক অসম চৰকাৰ কেবিনেট মন্ত্ৰী অতুল বৰাই নৃত্য শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

      উল্লেখযোগ্য যে সত্ৰীয়া নৃত্যৰ লগতে আন শাস্ত্ৰীয় নৃত্যৰ পটীয়সী গৰিমা হাজৰিকা নৃত্যশিল্পৰ জগতক অনন্য প্ৰতিভাৰে সমৃদ্ধ কৰি থৈ গৈছে।

ইপিনে প্ৰখ্যাত নৃত্যশিল্পী গৰিমা হাজৰিকাৰ মৃত্যুত সাংস্কৃতিক জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ নোহোৱা হ'ল বুলি মন্তব্য কৰিছে মন্ত্ৰী বৰাই।

নৃত্য শিল্পী গৰাকীৰ মৃত্যুত গুনমুগ্ধৰ শোকবিহ্বল হৈ থকাৰ সময়তে গৰিমা হাজৰিকা আত্মাৰ চিৰশান্তিৰ কামনা কৰি পৰিয়াল, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে কেবিনেট মন্ত্ৰী অতুল বৰাই।