প্ৰণীতা চুতীয়াৰ জামিন লাভৰ পাছত সন্তুষ্টিৰ হাঁহি পৰিয়ালৰ। অৱশেষত মুকলি আকাশৰ তললৈ বক্সাৰ প্ৰণীতা চুতীয়া। সোণাৰিস্থিত চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।

আলফা স্বাধীনৰ সমৰ্থনত ফেচবুকত কমেণ্ট দি জেললৈ যাবলগীয়া হৈছিল প্ৰণীতা। শিৱসাগৰ জেলত কাৰাৰুদ্ধ হৈ থকা প্ৰণীতা চুতীয়াৰ জামিন লাভ কৰি মুখত হাঁহি বিৰিঙিছে মাতৃ তথা পৰায়ালৰ। উল্লেখ্য যে অহা সাত আগষ্টত বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব প্ৰণীতাই।

ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পুৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণীতাই ২০১৫ চনৰপৰাই জড়িত হৈ আছে উশ্বু আৰু বক্সিং খেলত।