চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ।অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী।জনাই বৃহত্তৰ মৰাণ উন্নয়ন সমিতিৰ সম্পাদক ক্ষীৰোদ শইকীয়াই। মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি চৰাইদেউ জিলাৰ উপায়ুক্তলৈ আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ সুকীয়াকৈ চাৰিটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰথম দাবী হৈছে- মৰাণ ৰাজ্যিক চিকিৎসালয়ত পূৰ্বতে।নিশাৰ ভাগত যি জৰুৰী।কালীন সেৱা আগবঢ়োৱা হৈছিল সেই সেৱা সমুহ বন্ধ কৰি দিয়াৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । ২য়তে ইতিমধ্যে ঘোষিত মৰাণ মহকুমাৰ কামকাজ সমুহ শ্ৰীঘে আৰম্ভ কৰাৰ দাবী জনোৱা হৈছে ।তৃতীয়তে অভয়পুৰ গ্ৰাম্য ষ্টেডিয়ামত নিৰ্মান হৈ থকা ষ্টেডিয়াম খন সোনকালে খেলাৰ উপযোগী কৰি খেলুৱৈ সকলক অৰ্পণ কৰিব লাগে।চতুৰ্থতে মৰাণ মিৰিহোলাত অৰ্ধনিৰ্মিত হৈথকা কাৰিকৰী শিক্ষানুষ্ঠান খন সম্পূৰ্ণ কৰাৰ দাবী জনোৱা হৈছে।
মৰাণহাটৰ বিভিন্ম সমস্যা সমাধানৰ দাবীলৈ বৃহত্তৰ মৰাণ উন্নয়ণ সমিতিৰ সম্পাদকৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/12/nerity_dac5d79e4dd2b6d93f02d4a7e0d339ea.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)