পাথৰিঘাটৰ ঐতিহাসিক দ্বীগজ নৈত সমুহীয়া মৎস্য চিকাৰত নামিল প্ৰায় দুই শতাধিক ৰাইজ ৷ নৈ খনৰ দাঁতিকাষৰীয়া খিলঞ্জীয়া হিন্দু মুছলমানৰ সমন্বয়ৰ প্ৰতীক ননৈ নদীৰ দ্বীগজ সুঁতিত
প্ৰতি বছৰে ইয়াৰ দাঁতিকাষৰীয়া গাওঁবোৰৰ ৰাইজে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি প্ৰতিবছৰে বাৰিষা পানী শুকুৱাৰ লগে লগে মৎস্য চিকাৰ কৰি আহিছে ।
অঞ্চলটোৰ পাটিদৰং, দেওমৰনৈ, লোজোৰা, কৈকাৰা মেদা,হিৰাপাৰা পিপিৰাকুচি, আঠকুৰীয়াপাৰা, ৰামৰাইপাৰা, পাথৰিঘাট আদি গাঁৱৰ লোক সকল ওলায় আহি জাতি ধৰ্ম নিৰ্বিশেষে দ্বীগজত নামি ধৰিলে ভিন ভিন প্ৰজাতিৰ মাছ ।