সাপেখাতীত ৰাইজৰ উৎসৱ সম্পন্ন
সাপেখাতী চাৰিআলি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত তথা ইয়াৰ সমূহ বিদ্যালয়ৰ সহযোগত আৰু সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয় পৰিয়ালৰ আতিথ্যত ১৪ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱ উদযাপন কৰা হয়I সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ত উদযাপিত ৰাইজৰ উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী নিভা গগৈয়ে। ইয়াৰ পিছতে বাৰেগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্কাউট - গাইডৰ দলে পেৰেড প্ৰদৰ্শন কৰে। থলুৱা খাদ্য আৰু পৰম্পৰাগত সাজ-পাৰ তথা সা-সজুলিৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া প্ৰফুল্ল কুমাৰ শইকীয়াই I এক ব্যক্তিক্ৰমী চিন্তাৰে গ্ৰন্থ সংগ্ৰহৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা 'গ্ৰন্থ প্ৰদান' অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বালিখেতিয়া গাঁওৰ গাঁওবুঢ়া তিলক কোঁৱৰে I এই অনুষ্ঠানলৈ কেইবাগৰাকীও শুভাকাংক্ষীয়ে গ্ৰন্থ প্ৰদান কৰে I মুকলি সভাত উপস্থিত থাকি চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা সৰ্ব শিক্ষা অভিযান মিছনৰ জিলা মিছন সমন্বয়িকা মৌচুমী চেতিয়াই কয় যে এনে উৎসৱৰ যোগেদি সমাজৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ বাৰেৰহনীয়া কলা-সংস্কৃতিক ছাত্ৰ- ছাত্ৰীৰ লগত পৰিচয় কৰাই দিব পাৰি আৰু ছাত্ৰ- ছাত্ৰীসকল প্ৰকৃত শিক্ষাৰে শিক্ষিত হ'বলৈ হ'লে সমাজৰ বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাৰ বিষয়ে জানিব লাগিব I তেখেতে প্ৰদৰ্শনীত ভেলাঘৰ আৰু অন্যান্য থলুৱা সম্পদ দেখি অভিভূত হৈ পৰে I উৎসৱৰ অনুষ্ঠানত সাপেখাতী খণ্ড প্ৰাথমিক শিক্ষাবিষয়া সঞ্জীৱ শৰ্মাই সাৰুৱা বক্তব্য আগবঢ়ায় I যুটীয়া সম্পাদক নিহাৰ জ্যোতি সোনোৱাল আৰু সমন্বয়ক জয়ন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটি সুচাৰুৰূপে সঞ্চালনা কৰে পূৰ্বাঞ্চল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ:শিক্ষক উৎপল ফুকনে I অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত পৰম্পৰাগত সাজ-পাৰ, জনগোষ্ঠীয় নত্য, মিউজিক চেয়াৰ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ক্ৰমে চিন্ময় ফুকন, মাখনী গোস্বামী, মাখনী বঢ়াগোহাঁই, ঊষা গগৈ,দিগন্ত ৰাজকোঁৱৰ, দলবাহাদুৰ টামাং,ধৰ্মেশ্বৰ গগৈ, কল্যাণ গগৈকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি I
 
  
  
  