এইবাৰ অসম আৰক্ষীৰ জালত পৰিছে ATM হেকাৰ। শেহতীয়াকৈ দেৰগাৱঁৰ বাদুলীপাৰৰ প্ৰাঞ্জল গগৈ নামৰ এজন ব্যক্তিৰ ATM কাৰ্ড হেক কৰি এই তিনি হেকাৰে লুটিছিল ডেৰ লক্ষাধিক টকা।

আৰক্ষীৰ অনুসন্ধানৰ অন্তত জালত পৰিছে হাৰিয়ানাৰ তিনিজন যুৱক। ধৃত যুৱক কেইজন হৈছে সন্দীপ কুমাৰ, চনু সিং আৰু সত্যৱান।

কেৱল দেৰগাৱঁতেই নহয়। যোৰহাটকে আদি কৰি বিভিন্ন ঠাইত বহু দিনৰ পৰা এই তিনি হেকাৰে চলাই আহিছিল লুণ্ঠন। বৰ্তমান দেৰগাওঁ আৰক্ষীৰ জিম্মাত এই তিনি হেকাৰ।