সোণাৰিত চাকৰিৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাত কৰা দালাল গ্ৰেপ্তাৰ। সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃত গগৈ নামৰ লম্পট জনক।

সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অমৃত গগৈ চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যলয়ত মুখ্য গাণনিক বিষয়া ৰূপে কৰ্মৰত। চৰাইদেউ জিলাৰ লগতে ৰাজ্যেৰ অন্যান্য প্ৰান্তৰ ব্যক্তিক চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ অমৃত গগৈৰ বিৰুদ্ধে। অভিযুক্ত অমৃত গগৈ সোণাৰি আৰক্ষী থানাত সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।