তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ও অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন, আইন তথা ন্যায় আদি বিভাগৰ মাননীয় মন্ত্ৰী আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত ৰণজিৎ কুমাৰ দাসে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মেধাৰ  পৰিচয় দিয়া ছাত্ৰ-ছাত্ৰীক  "ড০ বাণীকান্ত কাকতি মেধা  বঁটা"  ৰূপে স্কুটী বিতৰণ কৰে।

 

উল্লেযোগ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ % বা তাতোধিক  নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক "ড০ বাণীকান্ত কাকতি মেধা বঁটা " হিচাপে একোখনকৈ স্কুটী প্ৰদান কৰা হৈছে।  

তিনিচুকীয়া জিলাত মুঠ ১,০২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে।

স্কুটি বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক শ্ৰী সঞ্জয় কিশান, ডুমডুমা সমষ্টিৰ বিধায়ক শ্ৰী ৰুপেশ গোৱালা, ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰী সুৰেন ফুকন,  মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক শ্ৰী ভাস্কৰ শৰ্মা, জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰ, জিলা পৰিষদৰ সভাপতি শ্ৰী ৰাজেন্দ্ৰ প্ৰসাদ কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মুনিন্দ্ৰ বৰদলৈ, এ.পি.ডি.চি.এলৰ অধ্যক্ষ শ্ৰী ভবেন শৰ্মা, অসম হাইড্ৰ' কাৰ্বন লিমিটেডৰ উপাধ্যক্ষ শ্ৰী শিৱজী ডুবে, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি শ্ৰী কাজল গোহাঁই প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে।

ড০ বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ আগবঢ়ায় তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী চৈতন্য বৰাই।

জিলা উপায়ুক্ত শ্ৰী নৰসিং পৱাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দ জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যতৰ কামনা কৰে। উপায়ুক্তগৰাকীয়ে এই আচঁনিখনে আন ছাত্ৰ-ছাত্ৰীসকলকো ভালদৰে পঢ়াশুনা কৰাত উৎসাহ যোগাব বুলি উল্লেখ কৰে ।

অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিশানে মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি  অসম চৰকাৰৰ এই পদক্ষেপৰ বাবে  ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হব বুলি উল্লেখ কৰে ৷

অসম চৰকাৰৰ প্ৰচেষ্টাত ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে এক উন্নতমানৰ শৈক্ষিক পৰিবেশ সৃষ্টি হৈছে বুলিও শ্ৰম মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

 ইয়াৰ লগতে  মন্ত্ৰীগৰাকীয়ে স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীল হৈ হেলমেট পৰিধান কৰি বাহন চলাবলৈ আহ্বান জনায়।

আজিৰ সভাৰ মুখ্য অতিথি তথা  অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাসে  বিশিষ্ট ভাষাবিদ,গৱেষক, শিক্ষাবিদ আৰু সমালোচক ড০ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অমূল অৱদানৰ বিষয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক এই মহান শিক্ষাবিদজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ পৰামৰ্শ আগবঢ়ায়। ৰাজ্যখনত যাতে এক সুষ্ঠ শৈক্ষিক পৰিবেশ গঢ়ি উঠে তাৰ বাবে শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনসমূহকো প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায়।

 আজিৰ স্কুটী বিতৰণ কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা ছাত্ৰ-ছাত্ৰীক তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা  তিনিচুকীয়া জিলা পৰিবহন বিভাগৰ সহযোগত হেলমেটো প্ৰদান কৰা হয়।