#ঢকুৱাখনাত HDFC ERGO-ৰ উদ্যোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সন্দৰ্ভত সজাগতা সভা-ৰেলী
দেশৰ প্ৰকৃত কৃষক সমাজক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন
কৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখনৰ সন্দৰ্ভত ঢকুৱাখনাৰ কৃষক ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আজি ঢকুৱাখনাৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত ঢকুৱাখনা কৃষি বিষয়াৰ কাৰ্যালৰ সহযোগত আৰু HDFC ERGO-ৰ উদ্যোগত এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্কুটি ৰেলী উলিওৱা হয়।HDFC ERGO-ৰ হৈ ত্ৰিদীপ
শইকীয়াই আঁত ধৰা সজগতা সভাত ঢকুৱাখনাৰ মহকুমা কৃষি বিষয়া গৌতম ডেকা, মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা,
HDFC ERGO-ৰ তিনিজনকৈ বিষয়াই অংশগ্ৰহণ কৰি
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ওপৰত বক্তব্য আগবঢ়াই কৃষক সকল কিদৰে উপকৃত হ'ব তাক বিষদভাৱে বুজাই দিয়ে।
সভাত কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰাৰ লগতে শতাধিক কৃষি সখী,পশু সখী,জীৱিকা সখী
আৰু কৃষকো উপস্থিত আছিল।সভাৰ শেষত
কৃষি সখী,পশু সখী আৰু জীৱিকা সখী সকলক
লৈ উলিওৱা হয় এক সজাগতামূলক স্কুটি ৰেলী। ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলীয়ে ঢকুৱাখনা মহকুমাৰ বিভিন্ন গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰি আহি পুনৰ আহি মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়তে সামৰণি পৰেহি।