হোজাই জিলাবাসীলৈ আহি আছে এটি সুখবৰ ৷ 

আজমলে হোজাইত নিৰ্মান কৰিব এখন মেডিকেল কলেজ ৷ 

আজমলৰ দ্বাৰা নিৰ্মান হব লগা এই মেডিকেল কলেজত আৰ্থিক দিশৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগীতা আগবঢ়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৷ 

আজমল ভাতৃদ্বয়ক এই প্ৰতিশ্ৰতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৷ 

এই কথা আজি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যমুনামুখৰ বিধায়ক চিৰাজ উদ্জিন আজমলে ৷ 

আজি যমুনামুখ সমষ্টিৰ চৌধুৰী বজাৰত আজমল চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ উদ্ভোদনী অনুষ্ঠানত ভাগ লৈছিল বিধায়ক চিৰাজ উদ্দিন আজমলে ৷ 

মুছলমান সমাজত বেছিকৈ তন্ত্ৰ মন্ত্ৰ চলিব ধৰিছে ৷ এইবোৰৰ পৰা আতৰি থাকিবলৈ বিধায়ক গৰাকীয়ে আহবান জনাইছে মুছলমান সমাজক ৷