নামতোলাত জুৱাৰ আড্ডাত আৰক্ষীৰ অভিযান

চৰাইদেউ জিলাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী মঞ্জুশ্ৰী চাহ বাগিচাত কুকুৰা যুঁজৰ নামত চলি থকা এক জুৱাৰ আড্ডাত আজি নামতোলা আৰক্ষীয়ে এক অভিযান চলায়। উল্লেখযোগ্য যে জিলাখনৰ একাধিক অঞ্চলত পৰম্পৰাগত কুকুৰা যুঁজৰ নামত চলি অহা জুৱাৰ আড্ডা সমূহৰ বিৰুদ্ধে আটছাৰ চৰাইদেউ জিলাসমিতি সৰৱ হৈ থকা সময়তে আজি নামতোলা আৰক্ষীয়ে মঞ্জুশ্ৰী চাহ বাগিচাৰ ৮ নং হোলোংবাৰী অঞ্চলত কুকুৰা যুঁজৰ নামত চলি অহা জুৱাৰ আড্ডাথলীত এক আকস্মিক অভিযান চলাই। উল্লেখযোগ্য যে আৰক্ষীৰ আকস্মিক অভিযানত জুৱাখেলৰ থলীৰ পৰা জুৱাৰীবোৰে পলায়ন কৰে যদিও আৰক্ষীয়ে উক্ত স্থানৰ পৰা দুখন মটৰ চাইকেল, এখন স্কুটি আৰু চাৰিখন চাইকেলৰ লগতে জুৱাখেলৰ সামগ্রী জব্দ কৰি আনে।